জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ গেৰেকী চুকত জামুগুৰি লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায় ৷

উক্ত সভাত ৰাষ্ট্ৰীয় শিক্ষকৰ বটাঁ প্ৰাপক অৱসৰপ্ৰাপ্ত শিক্ষক সুবৰ্ণ বৰাৰ “অপেক্ষাৰত উৰ্মিলা” নামৰ এখনি উপন্যাসৰ শুভ উন্মোচন কৰা হয় ৷

গ্ৰন্থ খনৰ শুভ উন্মোচন কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা অমৰজ্যোতি বৰঠাকুৰে ৷

লগতে পঢ়কঃসোণাৰিত মৃত ঘোং উদ্ধাৰ

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট যুৱ কবি সিৰ্দ্ধাৰ্থ শংকৰ কলিতা, মিংকু কলিতা, ৰূপালী বৰা ৷

উল্লেখ্য যে, লেখিকা সুবৰ্ণ বৰাৰ এইখনি পঞ্চম গ্ৰন্থ আৰু ইয়াৰ পূৰ্বে চুটি গল্প মন ময়ুৰী, কবিতা সংকলন মন প্ৰজাপতি, মহৎ কথামৃত আৰু একূকি অনুভৱ নামেৰে চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply