জামুগুৰিহাটঃ অসম আৰক্ষীৰ কমাণ্ডো পৰীক্ষাত অৱতীৰ্ণ হ’বৰ বাবেই সুদুৰ মৰিগাঁৱৰপৰ ১১ ঘন্টা চাইকেল চলাই আহি জামুগুৰিহাটৰ কুসুমটোলা দ্বাদশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আহি উপস্থিত হয়হি এগৰাকী যুৱক ৷ মনত অদম্য আশা আৰু সপোন লৈ উপস্থিত হোৱা দৰিদ্ৰ পৰিয়ালৰ এইগৰাকী যুৱকৰ নাম খনিন পাটৰ ৷

আৰ্থিক অনাটনৰ বাবে একমাত্ৰ চাইকেলখনকেই সাৰথি কৰি কষ্টৰে মনত বহু আশা লৈ লক্ষ্যস্থানত উপনীত হোৱা দৰিদ্ৰ পৰিয়ালৰ যুৱকগৰাকীৰ পিতৃ এগৰাকী পেইন্টাৰ আছিল যদিও নানান অসুবিধাৰ বাবেই পূৰ্বৰ দৰে কৰ্ম কৰিব নোৱাৰাত যুৱকগৰাকীয়ে পঢ়াৰ সমান্তৰালকৈ শ্ৰমিকৰ কামো কৰিব লগা হৈছে ৷ যাৰবাবে অৰ্থৰ অভাৱত দেশ সেৱাৰ মন লৈ এটি চাকৰিৰ আশাত যুৱকজনে ইন্টাৰভিউ দিবৰ বাবে সুদীৰ্ঘ পথ চাইকেল লৈ আহি উপস্থিত হয়। জামুগুৰিহাটৰ  কুসুমটোলা পিঠাগুৰিদৌল যুৱক সংঘৰ যুৱকসকলে যুৱকজনক সাহস আৰু প্ৰেৰণা দিয়াৰ বাবে গামোছাৰে আদৰণি জনোৱাৰ লগতে থকা খোৱাৰো ব্যৱস্থা কৰি দিয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply