জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতিকৈ পুৰণি জীয়া ভৰলী নদীৰ দলংখন এতিয়া এখন বিপদ সাঁকো। হাতৰ মুঠিত জীৱটো লৈ দলংখন অতিক্ৰম কৰিব লাগে জনসাধাৰণে। তেজপুৰ, লখিমপুৰ তথা অৰুণাচললৈকে যোগাযোগৰ একমাত্ৰ বৃহৎ দলংখনত বৰ্তমান সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত।
লগতে পঢ়কঃদৰিদ্ৰতাক নেওচি উজ্বলিল বাঙালীপাৰা উপৰখুতিৰ বিবেক পাণ্ডে
যাৰ ফলত যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। ইতিমধ্যে দলংখনত সংঘটিত হোৱা বহু কেইটা দুৰ্ঘটনাত অকালতে মৃত্যু হৈছে কেইবাজনো যুৱকৰ। কিন্তু দুৰ্ঘটনাৰ পাছত হে গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ। দলংখন অতি শীৰ্ঘ্ৰে মেৰামতি কৰিবলৈ কৰ্তৃপক্ষক অনুৰুধ জনাইছে স্থানীয় ৰাইজে।