জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টৌভঙাৰ সমীপৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অতিকৈ পুৰণি জীয়া ভৰলী নদীৰ দলঙখন হৈ পৰিছে বিপদ সংকুল। তেজপুৰ, লক্ষীমপুৰ তথা অৰুণাচললৈকে যোগাযোগৰ একমাত্ৰ বৃহৎ দলংখনত বৰ্তমান সৃষ্টি হৈছে বৃহৎ বৃহৎ গাঁত। যাৰ ফলত যিকোনো মুহুৰ্ততে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা বৃদ্ধি পাইছে। কিছুদিনৰ আগৰলৈকে দলংখনৰ মাজমজিয়াত খলপা খলপে পকী অংশ এৰাই তলত থকা লোহাৰৰ ৰ’ড ওলাই পৰাত দুৰ্ঘটনাৰ শংকা দুগুণে বৃদ্ধি পোৱাত বিভাগে দলংখনৰ মেৰামতি কৰিছিল যদিও সম্প্ৰতি পুনৰ দলংখনৰ ওপৰত সৃষ্টি হৈছে জৰাজীৰ্ণ ৰূপ।

বিগত সময়বোৰত দলংখনৰ ওপৰত সঘনে যান-বাহন দুৰ্ঘটনাত পতিত হৈ গুৰুতৰ ভাৱে আহত হৈ আহিছে বহু জন। দলং খনৰ দুৰৱস্থাৰ বিষয়ে সংবাদ মাধ্যমত বাতৰি পৰিবেশন হ’লেই সংশ্লিষ্ট বিভাগে নিম্ন মানৰ কামেৰে দলংখনৰ ওপৰত মেৰামতি কৰে যদিও কেইদিনমান পিছতে দলংখনৰ অৱস্থা তথৈবচ হৈ পৰে।

উল্লেখ্য যে, শোণিতপুৰৰ লগতে বিশ্বনাথ, লক্ষীমপুৰ, ধেমাজিৰ আৰু অৰুণাচল প্ৰদেশৰ এটা অংশলৈ এই দলঙৰ ওপৰেদিয়েই দৈনিক হাজাৰ হাজাৰ গাড়ী অহা-যোৱা কৰে যদিও দলংখনৰ ওপৰত সঘনে সৃষ্টি হোৱা এই বিপদজনক অংশৰ মেৰামতিৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে এতিয়াও কোনো ধৰণৰ সন্তুোষজনক পদক্ষেপে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে চীনা যুদ্ধৰ পাছত ১৯৬২ চনতেই নিৰ্মাণ হোৱা উত্তৰ অসমৰ এই পুৰণি দলং খনে সম্প্ৰতি বহন ক্ষমতা হেৰুৱাই পেলোৱা বুলিও ৰাইজে অভিযোগ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply