জামুগুৰিহাটঃ কৰোনা মহামাৰীৰ ফলত দুবছৰ ধৰি সাধাৰণ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰিছে ।

দীৰ্ঘদিন ধৰি যাতায়ত বন্ধ হৈ থকাৰ ফলত এতিয়া বিপদত পৰিছে বাছ মালিক আৰু চালক সকল।

অসমৰ অসমীয়াৰ হাতত থকা একমাত্ৰ এই ব্যৱসায়তো মৰো মৰো অৱস্থা । বহু নিবনুৱা যুৱকে বেংকৰ লোণ লৈ এখন লাখ টকাৰ বাছ কিনিছিল, কিন্তু আজি দুটা বছৰে কৰোনাৰ মহামাৰীৰ বাবে ঘৰতে সেই লাখ টকাৰ বাছ সমূহ পেলাই ৰাখিব লগীয়া হৈছে ।

লগতে পঢ়কঃমূল্যবৃদ্ধিৰ প্ৰতিবাদত গোৰেশ্বৰত বামপন্থী সংগঠনৰ বিক্ষোভ

এখন বাছৰ লগত প্ৰায় তিনি-চাৰিটা পৰিয়াল জড়িত হৈ আছিল। এতিয়া বাছ চলাচল বন্ধ হৈ থকাত পৰিয়াল সমূহৰ মাজলৈ অমানিশা নামি আহিছে।

ইফালে প্ৰায় দুটা বছৰে বাছ সমূহৰ চলাচল বন্ধ হৈ আছে যদিও বিভিন্ন টেক্স, ইনষ্টলমেণ্ট দি থাকিব লগা হৈছে। বিভিন্ন টেক্সৰ পৰা যাতে চৰকাৰে তেওঁলোকক মুক্ত কৰে আৰু কিছু সাহাৰ্য্য প্ৰদান কৰি জীয়াই থকাত সুবিধা কৰি দিয়ে তাৰবাবে বাছ মালিক আৰু চালক সকলে চৰকাৰক অনুৰোধ জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply