জামুগুৰিহাটঃ “আছে গৰু নেবাই হাল থকাতকৈ নথকাই ভাল” দৰে হৈ পৰিছে জামুগুৰিহাটৰ কুসুমটোলা আঞ্চলিক কৃত্ৰিম গো- প্ৰজনন কেন্দ্ৰটি ৷
৭০ ৰ দশকতে বৃহত্তৰ জামুগুৰিহাটৰ কৃষক ৰাইজৰ স্থাৰ্থত কুসুমটোলাত স্থাপন কৰা এই আঞ্চলিক কৃত্ৰিম গো- প্ৰজনন কেন্দ্ৰটি এতিয়া অস্তিত্বহীন হৈ পৰিছে ৷
আৰু পঢ়কঃপঞ্চায়ত প্রতিনিধিক লৈ গঠন হ’ব শিক্ষা সম্পর্কত ভিজিলেন্স সমিতি
এসময়ত উত্তৰ অসমৰ অন্যতম গো- প্ৰজনন কেন্দ্ৰ হিচাপে পৰিচিত এই কেন্দ্ৰটিৰ পৰা শ ,শ কৃষক ৰাইজ উপকৃত হোৱাৰ লগতে এই কেন্দ্ৰটিক সৰোগত কৰি বহু কৃষকে উন্নত প্ৰজাতিৰ গো পালনেৰে উপকৃত হৈছিল ৷ সম্প্ৰতি ভূত-বাংলালৈ পৰিণত হৈছে পশু চিকিংসা কেন্দ্ৰটি।
পশু চিকিংসা কেন্দ্ৰটিৰ সকলো মূল্যৱান তথা ব্যৱহৃত সামগ্ৰী ধ্বংসস্তুূপত পৰিণত হোৱাৰ লগতে জহি খহি গৈছে আৱাসগৃহ ৷ এসময়ৰ পশু বিভাগৰ চহকী এই চৰকাৰী কাৰ্যালয়টি পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী তুলিছে স্থানীয় ৰাইজে ।