জামুগুৰিহাটঃ অৱশেষত জামুগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল জামুগুৰিহাটৰ লালেটাপুৰ নাবালিকা কন্যাক বিয়া কৰাবলৈ অহা দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱক জন।
মংগলবাৰে হাফিজুলে লালেটাপুৰ মইজুদ্দিন আলীৰ নাবালিকা কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গৰাকীক বিয়া কৰাবৰ বাবে নিশা ১০ মান বজাত কেইবাজনো ব্যক্তিক লগত লৈ লালেটাপুত উপস্থিত হৈ বিবাহৰ কাম কাজ কৰি থকা অৱস্থাতে জামুগুৰি আৰক্ষী বিবাহস্থলীত উপস্থিত হোৱাত দৰা ৰূপী হাফিজুলৰ লগতে নাবালিকা কন্যাই নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিছিল।
লগতে পঢ়কঃসোণাৰিত টাইপাৰ প্ৰতিবাদ
পিছত আৰক্ষীয়ে বিবাহস্থলীৰ পৰা আঠজনকৈ ব্যক্তিক আটক কৰি থানালৈ লৈ অহাৰ লগতে দৰা হাফিজুল আৰু নাবালিকা কন্যাক আৰক্ষীক গতাই দিবৰ বাবে পৰিয়ালৰ লোকক দাবী জনাইছিল।
অৱশেষত বৃহস্পতিবাৰে জামুগুৰি আৰক্ষীৰ ওচৰত দৰাৰ লগতে নাবালিকা কন্যাই আত্মসমৰ্পণ কৰে।
আৰক্ষীৰ ওচৰত দৰা হাফিজুলৰ লগতে নাবালিকা কন্যাৰ পিতৃয়ে নিজৰ ভূলৰ স্বীকাৰো কৰে।