জামুগুৰিহাটঃ জামুগুৰিহাটৰ এটি শিশুৰ অভিনৱ প্ৰচেষ্টা। পেলনীয়া ডাঠ কাগজেৰে সাজি উলিয়াইছে ট্ৰেক্টৰ, জেচিবি, শৰাই, ভাৰতীয় সেনা বাহিনীৰ যুদ্ধৰ বাহনকে ধৰি বহুতো বস্তু।
কোভিডৰ বাবেই ঘৰতে আৱদ্ধ হৈ অবাবত সময় নষ্ট কৰাৰ বিপৰীতে জামুগুৰিহাটৰ বাকোলা গাঁৱৰ মনজিৎ আহমেদৰ সুপ্ত প্ৰতিভা বিকাশৰ দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
জামুগুৰিহাটৰ বাকোলাৰ ১১ বছৰীয়া ছাত্রৰ সৃষ্টিশীল মানসিকতাই আমাৰ অঞ্চলৰ অলেখ ছাত্র ছাত্ৰীলৈ কঢ়িয়াই আনিছে প্ৰেৰণাৰ অমল উৎস।
বাকোলা গাঁৱৰ মনজিৎ আহমেদ নামৰ পঞ্চম শ্ৰেণীৰ ছাত্রজনে পেলনীয়া ডাঠ কাগজৰ দ্বাৰা প্ৰাণ দিছে ট্ৰেক্টৰ, জেচিবি, শৰাই, ভাৰতীয় সেনা বাহিনীৰ যুদ্ধৰ বাহন, ৰবট, জিপ গাড়ীকে আদি কৰি অনকে বস্তু ।
আৰু পঢ়কঃযোগাভ্যাসৰ দ্বাৰা ৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল টীয়কৰ মৃদুপৱন
ডাঠ কাগজ, আঠা, কেচিকে মূল সম্পদ হিচাপে লৈ মনজিতে সৃষ্টি কৰি গৈছে এটাৰ পিছত এটাকে বস্তু । জালাল আহমেদ আৰু মৰমী খাটুনৰ পুত্ৰ মনজিতে পথত দেখা পোৱা জে ছি বি, ট্ৰেক্টৰ আদি নিজে তৈয়াৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছিল। বিগত সময়ৰ লকডাউনৰ বাবে বিদ্যালয় বন্ধ হোৱাৰ বিপৰীতে সময়ৰ সৎ ব্যৱহাৰ কৰিবলৈ নিজা চিন্তা চৰ্চাৰে আৰম্ভ কৰিছিল ডাঠকাগজৰে এনেবোৰ বস্তু তৈয়াৰ কৰিবলৈ।
মনজিতৰ পিতৃ পেছাত এজন ৰাজমিস্ত্ৰী। তেওঁ সদায় পুত্ৰক অনুপ্ৰাণিত কৰি আহিছে। কণমানি ছাত্র জনৰ এনে সৃষ্টিশীল কৰ্মত আনন্দিত হৈ পৰিছে স্থানীয় ৰাইজ। ৰাইজৰ মতে এই কণমানি শিশুটোৱে উপযুক্ত প্ৰশিক্ষণ তথা সুবিধা পালে অদূৰ ভৱিষ্যতে অসমৰ সম্পদ হৈ পৰিব ।