জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাট তথা চতিয়া সমষ্টিৰ অন্তৰ্গত নদুৱাৰ শিক্ষাখণ্ডৰ অধীনৰ মৰিসুতিৰ মিনা বস্নেত মধ্য ইংৰাজী বিদ্যালয়ত সৰ্বশিক্ষা আচঁনিৰ ধনৰে নিৰ্মিত দুটি শ্ৰেণীকোঠাৰ শুভ উন্মোচন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ প্ৰায় দহ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা শ্ৰেণী কোঠাৰ উপৰিও ডেৰ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া দুটাকৈ আধুনিক টয়েলেটৰো আধাৰশিলা স্থাপন কৰে বিধায়ক গৰাকীয়ে৷
লগতে পঢ়কঃবৰপেটাত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ ৬২টা কফ চিৰাপৰ বটল জব্দ
বিধায়ক গৰাকীয়ে কয়- “মোৰ সমষ্টিৰ আগশাৰী তিনিখন স্কুলৰ ভিতৰৰে এই মিনা বস্নেত মধ্য ইংৰাজী বিদ্যালয় অন্যতম৷ ৰাইজৰ দাবীৰ প্ৰতি সহাৰি জনাই বিদ্যালয় প্ৰাঙ্গণত এটি সাংস্কৃতিক মঞ্চ নিৰ্মাণৰ কথাও দোহাৰে বিধায়ক গৰাকীয়ে৷ ইয়াৰোপৰি অহা বৰ্ষৰ মাৰ্চত জামুগুৰিহাটত সৰ্বাঙ্গ সুন্দৰ ভাৱে বাৰেচহৰীয়া ভাওনা অনুষ্ঠিত কৰা হ’ব বুলিও সাংবাদিকৰ আগত মত ব্যক্ত কৰে বিধায়ক পদ্ম হাজৰিকাই৷