জামুগুৰিহাটঃ ৰাজ্যৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ বাবে অসম চৰকাৰৰ কেবিনেটে ব্ৰহ্মপুত্ৰৰ উপনৈ সমুহ খনন কাৰ্য চলোৱাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ প্ৰথমটো পদক্ষেপ হিচাপে চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ জীয়া ভৰলী নদীৰ আজি খনন কাৰ্য চলোৱাৰ কাৰ্যসূচীৰ আজি দিনৰ ১বজাত শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইতিমধ্যে মুম্বাইৰ আনি জীয়া ভৰলীৰ নদীৰ বুকুত স্থাপন কৰা বৃহৎ যন্ত্ৰাংশ আয়তীৰ উৰুলি, ডবা, কাঁহ শৃংখ ধ্বনিৰ মাজত মাজত মুখ্যমন্ত্ৰী গৰাকীয়ে চুইচ টিপি শুভাৰম্ভ কৰে।

চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লবলোচন দাসক লগত লৈ নদী খনন কাৰ্যৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে অসমৰ উপনৈ সমুহ খননৰ দ্বাৰা ৰাজ্যৰ ভয়াবহ বান আৰু গৰাখহনীয়া সমস্যাৰ সমাধান কৰিব পৰা যাব বুলি উল্লেখ কৰে।

লগতে পঢ়কঃচফ্ৰাই চিংল’ পাহাৰত খোৱাঙৰ যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

জীয়া ভৰলী নদীৰ খননৰ পাছত পৰ্যায়ক্ৰমে অসমৰ আন আন উপনৈ সমূহৰো খনন চলোৱা হ’ব বুলি উল্লেখ্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

নদীখনন কাৰ্যৰ শুভাৰম্ভ কৰাৰ পাছত মুখ্যগৰাকীয়ে জীয়া ভৰলী নদীৰ পাৰত অনুষ্ঠিত এখন সভাতো অংশ গ্ৰহণ কৰে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ সুউচ্চ পাহাৰৰ পৰা বৈ অহা জীয়া ভৰলী নদীৰ গৰাখহনীয়াৰ কবলত পৰি ইতিমধ্যে জামুগুৰিহাটৰ পশ্চিমাঞ্চালত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply