জামুগুৰিহাটঃ জামুগুৰিহাটৰ হাটিঙা গাঁৱৰ ৰিন্টু শইকীয়া আৰু নিৰ্মালী শইকীয়া নামৰ দুই দম্পতীয়ে কাঠৰে অসমীয়া থলুৱা সামগ্ৰী নিৰ্মাণ কৰি স্বাৱলম্বী হৈ উঠিছে ৷ বিশেষকৈ অসমীয়া আ-অলংকাৰ তৈয়াৰ কৰি সেই সামগ্ৰী সমূহ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰলৈ মুকলি কৰি দি সমাদৰ লাভ কৰিছে ভাস্কৰ্য শিল্পী দ্বয়ে ৷

এই সন্দৰ্ভত শিল্পী দুগৰাকীয়ে কয় যে কাঠেৰে তৈয়াৰী অসমীয়া আ-অলংকাৰ সমূহে ৰাইজৰ সমাদৰ লাভ কৰিছে ৷ বিভিন্ন বজাৰত ইয়াৰ যথেষ্ট সন্মান আৰু চাহিদাও আছে ৷ ইতিমধ্যে কাঠেৰে নিৰ্মিত এই সামগ্ৰী সমূহ শোণিতপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ, বিশ্বনাথ চাৰিআলিকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বিক্ৰীৰ বাবে পঠিওৱা হৈছে ৷

লগতে পঢ়কঃজৰ্দানত চিত্ৰ প্ৰদৰ্শনীৰে নাম উজলাইছে অসমৰ তিনি যুৱকে

নিজৰ বাসভৱনতে এটি ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলি শিল্পী দম্পতীয়ে এই সামগ্ৰী নিৰ্মাণৰ বাবে অঞ্চলটোৰ ভালে কেইগৰাকী যুৱক-যুৱতী, মহিলাক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰিছে ৷ এই সামগ্ৰী সমূহ নিৰ্মাণৰ বাবে অত্যাধুনিক যন্ত্ৰ-পাতিৰ প্ৰয়োজন। কিন্তু ধনৰ অভাৱতে সামগ্ৰী সমূহ ক্ৰয় কৰাত অসুবিধাৰ সন্মুখীন হৈছো বুলি উল্লেখ কৰে স্বামী-স্ত্ৰী দুগৰাকীয়ে ৷

এই ক্ষেত্ৰত চৰকাৰে অধিক সুবিধা প্ৰদান কৰিলে এই ক্ষুদ্ৰ উদ্যোগ সমূহৰ জৰিয়তে যথেষ্ট নিবনুৱাৰ সংস্থাপন হোৱাৰ লগতে আৰ্থিক ভাৱেও স্বাৱলম্বী হ’ব বুলিও মন্তব্য কৰে শিল্পীদুগৰাকীয়ে।

কঠোৰ সাধনাত ব্যস্ত দুই ভাস্কৰ্য শিল্পীক শিল্পী সাহাৰ্য্য প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাইছে সচেতন মহলে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply