জামুগুৰিহাটঃ কৰোনাৰ তৃতীয়টো লহৰত শিশুসকল অধিক পৰিমাণে আক্ৰান্ত হ’ব বুলি চিকিৎসক সকলে সতৰ্কবানী শুনাই অহাৰ সময়তে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো উদ্বেগজনক ভাৱে কৰোনাত আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে।

যোৱা এপ্ৰিল মাহত উত্তৰ জামুগুৰি চিকিংসালয়ৰ অন্তৰ্গত বৃহত্তৰ জামুগুৰিহাটত মাত্ৰ চাৰিজন শিশু কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে মে’ মাহত ১১১ জন আৰু জুন মাহত উদ্বেগজনক ভাৱে ১৫১গৰাকী শিশু কভি’ড-১৯ ত আক্ৰান্ত হৈছে ।

আৰু পঢ়কঃব্লেক ফাংগাছত আক্ৰান্ত হৈ ৰাজ্যৰ দ্বিতীয়জন লোকৰ মৃত্যু, এইবাৰ ডিব্ৰুগড়ত

আক্ৰান্ত শিশুসকল সোনকালেই সুস্থ হৈ উঠিলেও অঞ্চলটোত যাতে কৰোনাত আক্ৰান্ত শিশুৰ সংখ্যা বৃদ্ধি নাপায় তাৰ বাবে শিশু সকলৰ পিতৃ -মাতৃ সকলক কোভিড বিধি মানি চলি সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিছে চিকিৎসকে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply