জামুগুৰিহাটঃ কৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণৰ ফলত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা শোণিতপুৰ জিলাক ৰে’ড ডিষ্ট্ৰিক হিচাপে চিহ্নিত কৰা হৈছে। পিছে এনে সময়তে জিলাখনৰ সীমামূৰীয়া অঞ্চল জামুগুৰিহাটত দেখিবলৈ পোৱা গৈছে ব্যাপক হাৰত উলংঘা হৈছে কোভিড বিধি।
অঞ্চলটোৰ ৰাজহুৱা প্ৰতিষ্ঠান বেংকৰ লগতে কোভিড ভেকচিনেশ্বন চেন্টাৰত ৰাইজে উলংঘা কৰিছে কোভিড বিধি।
আৰু পঢ়কঃদক্ষিণ শালমাৰা-মানকাচৰ জিলাত ক্ৰমাৎ বৃদ্ধি পাইছে ভেকচিনৰ হাৰ
জামুগুৰি ব্যৱসায়িক কেন্দ্ৰস্হলত অৱস্থিত গ্ৰামীণ বিকাশ বেংকৰ লগতে বাপুজী ভৱনত অনুষ্ঠিত কৰা কোভিড ভেকচিনেশ্বন চেন্টাৰত পুৱাৰ পৰাই গ্ৰাহকৰে লগতে ভেকচিন ল’বলৈ অহা লোকে কোনো ধৰণৰ সামাজিক দূৰত্ব নামানি ভীৰ কৰা পৰিলক্ষিত হৈছে।
এনে ধৰণৰ অবিবেচক লোকৰ কৰ্ম কাণ্ডৰ বাবেই অঞ্চলটোত কৰোনাৰ দ্ৰুত গণ সংক্ৰমণ হোৱা বুলি স্থানীয় ৰাইজে মন্তব্য প্ৰকাশ কৰিছে।
জিলাখনৰ জামুগুৰিহাটতো কৰোনাৰ ভয়ংকৰ গণ সংক্ৰমণ অব্যাহত আছে আৰু এতিয়ালৈকে প্ৰায় ১৫শতাধিক লোক কৰোনাত আক্ৰান্ত হৈছে।