জামুগুৰিহাটঃ আজি শাওন মাহৰ অন্তিমটো সোমবাৰ। ৰাজ্যৰ বিভিন্ন শিৱ মন্দিৰ সমূহত শিৱবাবাৰ চৰণত এগছি চাকি জ্বলাই আশিষ ল’বলৈ ভিৰ কৰিলে ভক্তপ্ৰাণ ৰাইজে।

ঠিক একেদৰে জামুগুৰিহাটৰ চৈবাৰীস্থিত নাগেশ্বৰ মন্দিৰতো শ শ ভক্তপ্ৰাণ ৰাইজ ওলাই আহিল মন্দিৰ প্ৰাঙ্গনলৈ ৷

মুখত মাক্স নোহোৱাকৈ তথা কোনোধৰণৰ সামাজিক ব্যৱধান নোহোৱাকৈ ভক্তপ্ৰাণ ৰাইজে মন্দিৰ প্ৰাঙ্গণত ভিৰ কৰা দৃশ্যই ভয়ংকৰ পৰিস্থিতি উদ্ভৱ কৰিব বুলি মন্তৱ্য কৰিছে সচেতন মহলে ৷

লগতে পঢ়কঃসুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগক লৈ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

কৰোনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে যদিও এনেধৰণৰ সমাগমে পুনৰ কৰণা বৃদ্ধি কৰিব ৷ মন্দিৰলৈ অহা লোক সকলৰ মাজত কোনো সজাগ-সচেতনতা নাই ৷

এই ক্ষেত্ৰত প্ৰশাসনক অলপ কঠোৰ হ’বলৈ আহ্বান জনাইছে সচেতন ৰাইজে ৷ নহ’লে কভিডে পুনৰ ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰাটো নিশ্চিত ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply