জামুগুৰিহাটঃ ৰাজ্য়ৰ ভিন্ন প্ৰান্তৰ লগতে জামুগুৰিহাটৰ ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ১৫- ১৮ বছৰৰ কিশোৰ-কিশোৰী সকলক প্ৰদান কৰা হৈছে কোভিড-১৯ প্ৰতিষেধক।

ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰঙাচকুৱা ৰাজ্যিক চিকিৎসালয়ৰ তত্ত্বাৱধানত ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰথম পালিৰ কোভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰে।

লগতে পঢ়কঃসোণাৰিত জলজীৱন মিছনৰ অধীনত চাৰিটাকৈ পানী যোগান আঁচনিৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে, চৰকাৰে এই সিদ্ধান্ত মৰ্মে ক’ভাক্সিন প্রতিষেধক পঞ্জীয়ন প্রক্রিয়া – Cowin প’ৰ্টেল অথবা এপ আৰু অফলাইন মাধ্যমেৰে ১৫-১৮ বছৰ বয়সৰ ২০ লাখ কিশোৰ-কিশোৰীক ভেকচিন প্ৰদানৰ লক্ষ্য লৈছে।

প্রতিষেধক প্রদান কাৰ্যসূচীত বিদ্যালয়খনৰ শিক্ষকসকল, স্বাস্থ্য বিভাগৰ কৰ্মচাৰী চম্পক বৰুৱা, অভিজিৎ ভূঞা, নাৰ্ছ-কৰ্মচাৰীসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply