জামুগুৰিহাটঃ ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি জামুগুৰিহাটৰ পথাৰত কৃষি কৰ্ম কৰিছে ডেৰ শতাধিক পৰিয়ালে।

গাওঁ খনৰ সমূহীয়া পথাৰত কোনোৱে যদি কঠিয়া তুলিছে, কোনোৱে দাঙিছে কঠিয়াৰ ভাৰ,কোনোৱে আকৌ আলিপাৰ দিয়াৰ লগতে জাক জাক ৰোৱনীয়ে ৰুইছে ভূই।

বহু বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰেই জামুগুৰিহাটৰ পাছিগাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি গাঁও খনৰ সমূহীয়া মাটিত কৰি আহিছে খেতি।

বিহু গীত গাই আনন্দ উল্লাসৰ মাজেৰেই ৰোৱনী সকলে এইদৰেই আনন্দ মনৰে নাচি বাগি কৃষি কৰ্মত মনোনিবেশ কৰিলে।

লগতে পঢ়কঃমানৰ দ্বিতীয় আক্ৰমনৰ ইতিহাস বিজড়িত এটি ঘৰ পৰিদৰ্শন বিধায়ক পৰমানন্দ ৰাজবংশীৰ

চিপচিপিয়া বৰষুণকো আওকাণ কৰি সমূহীয়া ভাৱে কৃষি কৰ্মত নমা এইসকল গঞাঁ ৰাইজৰ মাজত নাই কোনো কৃত্ৰিমতা।

যিটো সময়ত আধুনিকতাৰ গ্ৰাসত পৰি আমাৰ গ্ৰাম্য সমাজৰ পৰা কিছুমান সমূহীয়া প্ৰথা নাইকিয়া হ’বলৈ ধৰিছে সেই সময়তে জামুগুৰিহাটৰ এই সকল ৰাইজে নিজৰ ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি এইদৰে কৃষি কৰ্ম কৰা ব্যৱস্থাটো অত্যন্তই ইতিবাচক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply