জামুগুৰিহাটঃ এতিয়া সমাদৰ লাভ কৰিছে ভিন্ন ৰঙৰ কবিয়ে ৷ ব্ৰকলীৰ পিছত এতিয়া খেতিয়কে বাছি লৈছে ভেলেণ্টিনা আৰু কেৰ’টিনাক ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল চামধৰাৰ যুৱ কৃষক শৰৎ বৰুৱাই বজাৰলৈ উলিয়াই দিছে ভেলেণ্টিনা আৰু কেৰ’টিনা ৷
কেৰ’টিনা আৰু ভেলেণ্টিনা হৈছে মূলত নতুন জাতৰ দুটা ফুলকবিহে ৷ ব্ৰকলীয়ে বজাৰ দখল কৰাৰ পিছত এইবাৰ অসমৰ বজাৰত দপদপাইছে কেৰ’টিনা আৰু ভেলেণ্টিনাই ৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চামধৰা গাঁৱৰ যুৱ কৃষক শৰৎ বৰুৱাই কৃষি বিভাগৰ প্ৰশিক্ষণ আৰু সহযোগিতা অবিহনেই কৰি গৈছে এই খেতি ৷
সম্পূৰ্ণ নিজে জৈৱিক প্ৰচেষ্টাত কৰা এই খেতিৰপৰা উৎপাদিত ফচলে বজাৰতো লাভ কৰিছে ৰাইজৰ সমাদৰ ৷ কিন্তু উদ্যমী কৃষক শৰতৰ এই প্ৰচেষ্টাক যেন কোনো গুৰুত্বই নিদিলে কৃষিবিভাগে ৷ খেতি কৰাৰ সময়ত বিভাগীয় বিষয়া-কৰ্মচাৰীক যোগাযোগ কৰি কোনো বিষয় জানিব বিচাৰিলেও সঁহাৰি নাপালে এইগৰাকী যুৱ উদ্যমী কৃষকে ৷
বজাৰলৈ নতুনকৈ এই দুবিধ সুস্বাদু আৰু দেখাত সুন্দৰ ব্যঞ্জনক লৈ এতিয়া আগ্ৰহ বৃদ্ধি পাইছে ৰাইজৰ ৷ উল্লেখ্য যে, কেৰ’টিনাত আছে বহু ঔষধি গুণো ৷ কেৰ’টিনাই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে প্ৰচুৰ পৰিমাণে আছে ভিটামিন A ৷
আনহাতে, ভেলেণ্টিনাত থাকে এণ্টিঅক্সিডেণ্ট ৷ অসমৰ ভিন্ন স্থানত ইতিমধ্যে আদৰি লোৱা এই খেতিৰ পৰা কৃষক যথেষ্ট পৰিমাণে আগবঢ়াৰ থল আছে ৷ অৱশ্যেই ইয়াৰ বাবে লাগিব বিভাগীয় সহায় সহযোগ ৷ লাগিব শৰৎৰ দৰে যুৱ উদ্যমী কৃষকৰ প্ৰতি বিভাগীয় প্ৰশিক্ষণ আৰু গুৰুত্ব ।