জামুগুৰিহাটঃ আপোনাৰ আহাৰৰ থালখনৰ কাষত অষ্ট্ৰেলিয়ান চি টু, অসম টু, এচ ওৱান টু ৷ পিছে এইয়া কোনো বলিউড বা হলিউডৰ নায়িকাৰ নাম নহয়৷ অষ্ট্ৰেলিয়ান চি টু, অসম টু, এচ ওৱান টু এই তিনিবিধ হৈছে মূলত নতুন জাতৰ ভোটজলকীয়াহে৷ বিভিন্ন খেতিৰ শাক-পাচলিয়ে বজাৰ দখল কৰাৰ পিছত এইবাৰ অসমৰ বজাৰত দপদপাইছে অষ্ট্ৰেলিয়ান চি টু, অসম টু আৰু এচ ওৱান টুৱে৷ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলস্থিত মৰিসুতি গাঁৱৰ যুৱ কৃষক জীৱন গুৰোঙে কৃষি বিভাগৰ প্ৰশিক্ষণ আৰু সহযোগিতা অবিহনেই কৰি গৈছে ভোটজলকীয়াৰ খেতি৷ বিভিন্ন শাক-পাচলিৰ খেতিৰ পিছতে অষ্ট্ৰেলিয়ান চি টু, অসম টু, এচ ওৱান টুৰ সুন্দৰ খেতি হৈছে জীৱনৰ ৷ সম্পূৰ্ণ নিজে জৈৱিক প্ৰচেষ্টাত কৰা এই খেতিৰপৰা উৎপাদিত ফচলে বজাৰতো লাভ কৰিছে বিশেষ সমাদৰ ৷ 

অসমৰ ভিন্ন স্থানত ইতিমধ্যে আদৰি লোৱা এই খেতিৰ পৰা কৃষকে যথেষ্ট পৰিমানে আগবঢ়াৰ থল আছে৷ অৱশ্যে ইয়াৰ বাবে লাগিব বিভাগীয় সহায় সহযোগিতা৷ জীৱনৰ দৰে যুৱ উদ্যমী কৃষকৰ প্ৰতি বিভাগীয় প্ৰশিক্ষণ আৰু গুৰুত্ব থাকিলেহে যুৱকসকল আগবাঢ়ি যোৱাত সহায় হ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply