জামুগুৰিহাটঃ কোভিড সৃষ্ট পৰিৱেশৰ মাজত সমগ্ৰ ৰাজ্যতে এতিয়া কৃষকৰ মাজত আৰ্থিক দুৰৱস্থা দেখা গৈছে ।

আংশিক লকডাউনৰ ফলত বজাৰ সম্পূৰ্ণৰূপে বহিব নোৱাৰৰ পৰিণতিত খেতিয়কৰ পৰিশ্ৰমৰ ফচল গছতে নষ্ট হ’ব ধৰিছে।

শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বামুনিপামৰ আদৰ্শ খেতিয়ক ৰূপে পৰিচিত ফণীধৰ নৰহ। তেওঁ জৈৱিক পদ্ধতিৰে প্ৰায় ৩০ বিঘা ভূমিত বেংকৰ পৰা ঋণ লৈ জিকা, বিলাহি আৰু লেচেৰাৰ খেতি কৰি এক স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছিল।

সমগ্ৰ ৰাজ্যত কোভিড সৃষ্ট পৰিৱেশৰ মাজত চৰকাৰে দিয়া মিনি লকডাউনৰ বাবে বজাৰসমূহ বন্ধ হৈ পৰাত এতিয়া গছতে গেলি পচি নষ্ট হৈছে শাক-পাচলি ।

লক্ষাধিক টকা ব্যয় কৰি আৰম্ভ কৰা কৃষি কৰ্মক লৈ এতিয়া বহু চিন্তিত হৈ পৰিছে ৰাজ্যৰ খেতিয়ক সকল।

আৰু পঢ়কঃচাৰিটি অনাথ শিশুক পিতৃ-মাতৃৰ মৰম দিবলৈ সুদূৰ ইউৰোপৰ পৰা আহিল দুটা পৰিয়াল

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply