জামুগুৰিহাটঃ জামুগুৰিহাটৰ মঙ্গলবৰীয়াৰ খৃষ্টানবস্তিত পানীত পৰি শিশুৰ মৃত্যু হোৱা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ ঘটনাৰ বিৱৰণি অনুযায়ী মঙ্গলবৰীয়াৰ নিবাসী উত্তম পূৰ্তীৰ ৭ বছৰীয়া পুত্ৰ জ’ন পূৰ্তীয়ে শুকুৰবাৰে সন্ধিয়া ঘৰৰ কাষতে থকা পুখুৰীৰ পাৰত খেলি থকা অৱস্থাত পানীত পিচল খায় পৰে ৷

পৰিয়ালৰ লোকে জ’ন পূৰ্তীক বিভিন্ন ঠাইত বিচাৰি কোনো শুংসূত্ৰ নোপোৱাত ওচৰ চুবুৰীয়াক খবৰ দিয়ে ৷

লগতে পঢ়কঃনটসূৰ্য ফণী শৰ্মাৰ ৫১ সংখ্যক স্মৃতি দিৱস উদযাপন

চুবুৰীয়া ৰাইজে বিচাৰ-খোচাৰ কৰাত নিশা প্ৰায় ১০ মান বজাত ঘৰৰ কাষৰ পুখুৰীত পানীত ওপঙি থকা অৱস্থাত শিশুটিৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৷

গাওঁবাসী ৰাইজে শিশুটিৰ মৃতদেহ পুখুৰীৰ পৰা উদ্ধাৰ কৰি জামুগুৰি আৰক্ষীক খবৰ দিয়ে ৷ শনিবাৰে পুৱা জামুগুৰি আৰক্ষীয়ে মৃতদেহটো মৰোনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ শিশুটিৰ কৰুণ মৃত্যুত অঞ্চলটিত শোকৰ ছাঁ পৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,276 other subscribers

Leave a comment

Leave a Reply