জামুগুৰিহাটঃ মৰণেহে জানে শৰণৰ ঠাই, এই বাক্য শাৰি যেন আখৰে আখৰে সত্য প্ৰমাণিত হ’ল এগৰাকী উদীয়মান যুৱকৰ বাবে। বয়স মাত্ৰ ২০ বছৰ পাৰ হৈছিল। এক আশা‌ এক প্ৰত্যক্ষা আগত এক উজ্বল ভৱিষ্যত আগুৱাই যোৱাৰ, কিন্তু নিয়তিৰ কি পৰিহাস গন্তব্যস্থল পোৱাৰ পূৰ্বে কলিতে মোহাৰি পেলালে নিয়তিয়ে। মাত্ৰ দুমাহ পূৰ্বে নিজ গৃহৰ পৰা হাঁহি মুখে কৰ্ম সূত্ৰে সুদুৰ দিল্লী লৈ বুলি উৰা মাৰিছিল বিৰাজ গুৰুং নামৰ জামুগুৰিহাটৰ
দক্ষিণ বালিজুৰিৰ যুৱকজন। বিৰাজে যোৱা ১৭ মাৰ্চত ইণ্ডিয়াৰ এয়াৰ লাইন্সৰ অধীনস্থ ছিংগাপুৰ এয়াৰ লাইন্সত নিজ কৰ্মত যোগদান কৰিছিল । অইন দিনাৰ দৰে যোৱা ২২মে’ত পুৱা প্ৰায় তিনি মান বজাত ৰুমৰ পৰা ওলাই এয়াৰ লাইন্সৰ কাৰ্যালয় লৈ বুলি মণিপুৰৰ এজন সহপাঠী সৈতে একেলগে গৈ থকা অৱস্থাত মহিপালপুৰ নামৰ এখন ঠাইত পিছ ফালৰপৰা এখন গাড়ীয়ে মহতিয়াই লৈ যায়। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা বিৰাজক দিল্লীৰ
চপতাৰ জং চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হয়। পিছে চিকিৎসাধীন অৱস্থাতে ২৭মে’ত মৃত্যুৰ সৈতে হাৰ মানিলে বিৰাজে।

লগতে পঢ়কঃবটদ্ৰৱা কাণ্ডৰ মাষ্টৰ মাইণ্ড আশ্বিকুল ইছলামৰ নিহত

অতি কম বয়সতে এয়াৰ লাইন্সৰ দৰে এটা গুৰুত্বপূৰ্ণ কোম্পানীত চাকৰিৰে নিজৰ ভৱিষ্যতে গঢ় দিবলৈ চেষ্টা কৰিছিল হে নিয়তিয়ে ভাঙি চুৰমাৰ কৰি দিলে তেওঁৰ ভৱিষ্যতৰ ৰঙীন সপোন। ইফালে নিজৰ গৃহত বিৰাজৰ মৃতদেহ আহি পোৱাৰ লগে লগে অগণন গুণমুগ্ধ উপস্থিত হয়। অশ্ৰসিক্ত নয়নেৰে বিৰাজৰ অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাৰ লগতে দলৰ সকলো কৰ্মকৰ্তাই শেষকৃত্যত গভীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি আত্মাৰ সদগতি কামনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply