জামুগুৰিহাটঃ চতিয়াত সংঘটিত এক হৃদয় বিদাৰক ঘটনাই সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁ পেলাইছে ৷
পুখুৰীত গা ধুবলৈ গৈ দুই কিশোৰৰ সলিল সমাধি । বুধবাৰে বিয়লি ভাগত সংঘটিত এই হৃদয় বিদাৰক ঘটনা।
জানিব পৰা মতে,চতিয়াৰ পটিয়া গাঁৱৰ প্ৰবাল বৰা আৰু সুমন বৰাৰ নামৰ দুই কিশোৰে পথাৰত কঠিয়া তুলি ঘৰলৈ ওভটাৰ সময়ত পথাৰৰ মাজৰ এটা পুখুৰীত গা ধুবলৈ নামোতে ঘটনাটো সংঘটিত হয় এই ঘটনা।
আৰু পঢ়কঃনগাঁৱৰ কঠিয়াতলী আৰু ৰাঙলুত তিনিটাকৈ শিশুৰ মৃতদেহ উদ্ধাৰ
কিশোৰ দুটি পথাৰৰ পৰা বহু দেৰিলৈ ঘৰলৈ উভটি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে ৷ বিচাৰ খোচাৰ কৰাৰ সময়ত পথাৰৰ মাজৰ পুখুৰীটোত গাঁৱৰ লোকে দুই কিশোৰক মৃত অৱস্থাত উদ্ধাৰ কৰে ৷ অতি হৃদয় বিদাৰক ঘটনাটোৱে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে ৷