জামুগুৰিহাটঃ জামুগুৰিহাটত অচিনাক্ত মৃতদেহ উদ্ধাৰ। জামুগুৰিহাটৰ কুসুমটোলাৰ নিকটৱৰ্ত্তী নিজবস্তীত উদ্ধাৰ এটা অচিনাক্ত পুৰুষৰ মৃতদেহ।
দিকৰাই নদীৰ পাৰত পৰি থকা মৃতদেহটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি জামুগুৰি আৰক্ষীক অৱগত কৰে।
আৰু পঢ়কঃচতিয়াত পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি দুই কিশোৰৰ
আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ আহে।
স্থানীয় ৰাইজে দিকৰাই নদীৰ পানীত মৃতদেহটো উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে।