জামুগুৰিহাটঃশোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ নাহৰবাৰী মাজগাঁৱত ৰাইজৰ সহযোগত অঞ্চলটোৰ প্ৰকৃতিপ্ৰেমী যুৱক প্ৰদীপ হাজৰিকাই এটা পহু উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
পহুটো উদ্ধাৰ কৰি গাঁওবাসীয়ে দিপলোঙা বনাঞ্চলিক বন বিভাগক গটাই দিয়ে ৷
লগতে পঢ়কঃবোকাখাতত হোটেল, ৰিৰ্জট ব্যৱসায়ীলৈ মহকুমা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা
বন বিষয়াই জানিবলৈ দিয়া অনুসৰি গাওঁবাসী ৰাইজে পহুটো খেদিবলৈ চেষ্টা কৰাত পহুটোৱে আঘাত পোৱাত পহুটো চিকিৎসাৰ ব্যৱস্থা কৰি নামেৰী বনাঞ্চলত এৰি দিয়ে ৷
উল্লেখ্য যে, নামেৰী বনাঞ্চলৰ পৰা প্ৰায়ে এইদৰে পহুকে ধৰি বিভিন্ন জীৱ-জন্তুু জনাঞ্চলত প্ৰৱেশ কৰে বুলি গাওঁবাসী ৰাইজে মন্তব্য কৰে৷