জামুগুৰিহাটঃ আজি পোহৰৰ উৎসৱ দীপাৱলী। কিন্তু দীপাৱলীৰ সময়ত মিঠাতেলৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে।

ৰাজ্যত দেখা দিয়া অত্যাধিক মিঠাতেলৰ দাম বৃদ্ধিৰ সময়ত যাতে মিঠাতেলৰ চাকি জ্বলাই অধিক ধন খৰচ কৰি পোহৰৰ উৎসৱটি উদযাপন কৰিব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি জামুগুৰিহাটৰ কেইগৰাকীমান মহিলাই বজাৰলৈ উলিয়াই দিছে এক বিশেষ চাকি।

জীৱিকা আত্মসহায়ক গোটৰ দহ গৰাকী মহিলাই নিজা চিন্তাৰে জামুগুৰিহাটৰ বজাৰলৈ উলিয়াই দিয়া বিশেষ চাকিটো মিঠাতেলৰ অবিহনে দুঘন্টাৰো অধিক সময় ধৰি জ্বলি থাকিব ।

লগতে পঢ়কঃবন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা

এই চাকিটো এক বিশেষ মম জাতীয় পদাৰ্থৰে নিৰ্মাণ কৰা হৈছে । ইতিমধ্যে দহ হাজাৰ চাকি তৈয়াৰ কৰা গোটটোৱে ইতিপূৰ্বে ছয় হাজাৰ চাকি বিক্ৰী কৰিছে। চাকৰি উপৰিও এই কেইগৰাকী মহিলাই নিজা চিন্তাৰে বজাৰলৈ উলিয়াই দিছে থলুৱাভাৱে উৎপাদিত ধূপ আৰু ফুলদানি । পোহৰৰ উৎসৱৰ প্ৰতি লক্ষ্য ৰাখি বজাৰলৈ উলিয়াই দিয়া এই বিশেষ চাকিৰ প্ৰতি ৰাইজৰ আকৰ্ষণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply