জামুগুৰিহাটঃ আজি পবিত্ৰ ঈদ। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ সমীপৱৰ্তী ইটাখোলা অঞ্চলৰ এগৰাকী বিশিষ্ট নাগৰিক গিয়াছ চুদ্দিন আহমেদে আঁতধৰা পবিত্ৰ ঈদৰ সমূহীয়া নামাজত জিকিৰ ফাকিৰে উপস্থিত সকলোকে আদৰণি জনায়। সমূহীয়া নামাজত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰা।
লগতে পঢ়কঃকমাৰগাঁৱৰ বিশেষভাৱে সক্ষম যুৱতী প্ৰয়াত ৰুনু বৰুৱাৰ কবিতা সংকলন, উপন্যাস উন্মোচন
লক্ষীকান্ত বৰাই এমাহ ব্ৰতত থাকি আল্লাৰ দোৱা গ্ৰহণ কৰিবলৈ অহা সকলো ইছলাম ধৰ্মী লোকসকলক পবিত্ৰ ঈদৰ শুভেচ্ছা জনোৱাৰ লগতে ঈদৰ তাৎপৰ্যৰ বিষয়ে তত্ত্বগধুৰ বক্তব্য ৰাখে । উল্লেখযোগ্য যে, বিগত দুটা বৰ্ষত কোভিদ-১৯ৰ বাবে সমূহীয়া নামাজ অনুষ্ঠিত হোৱা নাছিল বাবে এই বছৰ আল্লাৰ দোৱা ল’বলৈ ইছলাম ধৰ্মী লোকসকলে অতি পবিত্ৰ ভাৱে সমূহীয়া নামাজত অংশ লয় । পুৱা ভৰলীপৰীয়া মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত ইটাখোলাৰ ঈদগাহ ময়দানত সমূহীয়াভাৱে নামাজ পঢ়ি আল্লাৰ দোৱা গ্ৰহণ কৰে।