জামুগুৰিহাটঃ যিটো সময়ত বিদুৎ বিভাগৰ মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰিয়েই মন্ত্ৰী বিমল বৰাই বিভাগটোৰ সংস্কাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বা হাতত লৈছে সেইসময়তে জামুগুৰি বিদুৎ উপসংমণ্ডলে বৃহত্তৰ জামুগুৰিহাটত বিদুৎতৰ সঘন কৰ্তন কৰাত ৰাইজ অতীষ্ঠ হৈ পৰিছে ।

যোৱা দহ -পোন্ধৰ দিন ধৰি জামুগুৰি উপ সংমণ্ডলে দিনটোত ১০/১১ বাৰ পৰ্যন্ত বিদুৎ কৰ্তন কৰাত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে ৰাইজ।

আৰু পঢ়কঃগভীৰ সংকটত বাছ মালিক সকল : ছেপ্টেম্বৰৰ ভিতৰত কৰ আদায়ৰ নিৰ্দেশ চৰকাৰৰ

দিনৰ লগতে ৰাতিও সঘন বিদুৎ কৰ্তনৰ ফলত ছাত্ৰ ছাত্ৰী সকলৰ পঢ়া শুনাত ব্যাঘাত জন্মাৰ লগতে উৎকট গৰমত জনসাধাৰণেও অস্বস্তিত পৰিছে।

বিদুৎতৰ সঘন লুকাভাকুত অতীষ্ঠ হৈ পৰা ৰাইজে সেয়েহে উপ-সংমণ্ডলটোৰ বিষয়াগৰাকীক অঞ্চলটোত বিদুৎতৰ সঘন কৰ্তন বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা আন্দোলনৰ কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকিয়াই দিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply