জামুগুৰিহাটঃ শোণিতপুৰৰ চাৰিদুৱাৰৰ ফুলবাৰী , মোলানগাওঁ অঞ্চলত বিগত দুদিন ধৰি অসুস্থ এটি বন্যহস্তীয়ে জৰাসৰ নৈৰ বালিচৰত অৱস্থান কৰি থকাৰ অৱস্থাত স্থানীয় সাংবাদিকৰ পৰা জানিব পাৰি প্ৰকৃতিপ্ৰেমী সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে অসুস্থ বন্যহস্তীটো বিচাৰি চাৰিদুৱাৰ অঞ্চলত উপস্থিত হয় ।

পাছত চাৰিদুৱাৰ মৰিসুঁতি অঞ্চলত আশ্ৰয় লৈ থকা বন্যহস্তীটোৰ সম্পৰ্কে জিলা বনপ্ৰাধিকাৰী বিষয়া নৃপেন কলিতাক জনোৱাত তাৎক্ষণিক ভাৱে কাজিৰঙাৰ পানবাৰীৰ বন্যপ্ৰাণীৰ উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ চিকিৎসক চামচুল আলীক মাতি আনি অসুষ্ট বন্যহস্তীটোক চিকিৎসা সেৱা প্ৰদান কৰে।

লগতে পঢ়কঃএপিডিচিএলৰ খালী পদ পূৰণৰ বাবে হৈ যােৱা পৰীক্ষাৰ ফলাফল ঘােষণা কৰা হ’ব

তদুপৰি বন্যহস্তীটোৰ বাবে পৰ্যাপ্ত ঔষধ আদি স্থানীয় বনবিভাগৰ লোকক অৰ্পন কৰে । উল্লেখ্য যে বিগত দুদিন ধৰি ফুলবাৰী আৰু মোলানগাওঁ অঞ্চলৰ ৰাইজে অসুস্থ বন্যহস্তীটোক কলগছকে ধৰি বিভিন্ন খাদ্যৰ যোগান ধৰি আহিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply