জামুগুৰিহাটঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ৰমাৎ বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত। হাতীৰ আক্ৰমণত ভিন্ন স্থানত বিভিন্নজনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলত সংঘটিত হৈছে এক শোকাবহ ঘটনা।
বুধবাৰে নিশা অঞ্চলটোৰ ১নং বালিজুৰিত বনৰীয়া হাতীৰ গচকত মৃত্যু হয় দুজনকৈ শিশুৰ ৷ নিশা ২ বজাত বনৰীয়া হাতীয়ে ১নং বালিজুৰিৰ নিকুদ্দিন ছালৰ ঘৰটো ভাঙি পেলোৱাৰ লগতে শুই থকা তেওঁৰ দুই সন্তান ক্ৰমে ন বছৰীয়া কাৰমেলা ছাল আৰু সাত বছৰীয়া ইষ্টিফান ছালক আক্ৰমণ কৰে ৷
লগতে পঢ়কঃমৰিয়নিত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু
বনৰীয়া হাতীৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত দুই শিশুক উত্তৰ জামুগুৰি চিকিৎসালয়লৈ লৈ অনা হয় যদিও চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে৷
উক্ত অঞ্চলটোত নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে নিতৌ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খেতিবাতি অনিষ্ট সাধন কৰি আহিছে ৷ স্থানীয় ৰাইজে চৰকাৰক বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত স্থায়ী ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও একো সুফল পোৱা নাই ৷