জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰাঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস৷ অঞ্চলটোৰ ১নং বৰদিকৰাই, খৃষ্টানবস্তি, আজাৰগুৰি, বৰদিকৰাই, বামুনীপামকে ধৰি একাধিক অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ বৃদ্ধি পাইছে৷
নামেৰী বনাঞ্চলৰ পৰা ওলাই অহা জাক জাক বনৰীয়া হাতীয়ে অঞ্চলটোৰ কৃষক ৰাইজৰ নিদ্ৰা হৰণ কৰিছে৷ কৃষকৰ খেতি নষ্ট কৰি অহাৰ লগতে অঞ্চলটোৰ বহুলোক বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু হৈছে৷
যোৱা এটা দশকত কুৰিৰো অধিক লোক বনৰীয়া হাতীৰ গচকত মৃত্যু হোৱাৰ লগতে শতাধিক লোক গুৰুতৰভাৱে আহত হৈছে৷ বহুতৰে ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে৷ দীৰ্ঘদিন ধৰি বনৰীয়া হাতীৰ সন্ত্ৰাস চলাই অহা এই অঞ্চলটোৰ কৃষক ৰাইজে অঞ্চলটোত বনৰীয়া হাতীৰ সন্ত্ৰাস প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।