জামুগুৰিহাটঃ জামুগুৰিহাটত বন্য হস্তীৰ সন্ত্ৰাস। নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ কেইবাখনো গাঁওত উপদ্ৰৱ চলায়।
অঞ্চলটোৰ ১নংবৰদিকৰাই, খৃষ্টানবস্তি,আজাৰগুৰি ,বামুণিপামকে ধৰি কেইবাখনো গাঁওত বনৰীয়া হাতীৰ জাকটোৱে সোমাই কৃষক ৰাইজৰ খেতিপথাৰ তহিলং কৰে।
আৰু পঢ়কঃছিপাঝাৰৰ খাৰখোৱাপাৰা প্ৰাথমিক বিদ্যালয়ৰ জৰাজীৰ্ণ অৱস্থা
প্ৰতিবছৰেই বনাঞ্চলৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰা বন্যহস্তীয়ে কেইবাজনো লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে খেতিপথাৰ নষ্ট কৰি কৃষক ৰাইজৰ অনিষ্ট সাধন কৰি আহিছে।
অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে স্থানীয় ৰাইজে স্থায়ী বাস্তৱসন্মত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।