জামুগুৰিহাটঃ সমগ্ৰ দেশৰ লগতে অসমতো কৰোনা মহামাৰীৰ ভয়াবহ পৰিস্থিতিৰ বাবে বহু লোক সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে ।
তেনে সময়তে জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ আদৰ্শৰে আমাৰ চিন্তা, আমাৰ বজাৰ শ্লো-গানেৰে নিজৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা পি জে বি এন্টাৰপ্ৰাইছৰ স্বতাধিকাৰ জামুগুৰিহাটৰ ধোবাকটাস্থিত প্ৰণৱ জ্যোতি বৰাই অত্যাধুনিক মেছিনৰ জৰিয়তে নিজৰ বাসগৃহত বাল্ব, লং, মচলা, ড্ৰাই ফ্ৰুইটছ, সৰিয়হ, হালধি গুড়ি, ডালচেনি, ষ্টিলৰ বাচোন ধোৱা জিম, কাজু, কিচমিচ, নাৰিকল, বাদামৰ লগতে বিভিন্ন সামগ্ৰী পেকেটিং কৰি নিজেই অৰ্ডাৰ লৈ বজাৰ তথা স্থানীয় অঞ্চলৰ দোকানসমূহত সামগ্ৰীসমূহ বিক্ৰী কৰি স্বাৱলম্বিতাৰ পথ দেখুৱাবলৈ সক্ষম হৈছে।
বৰ্তমান তেওঁ হাজাৰজনৰ বাবে কৰ্ম সংস্থাপনৰ আদৰ্শ হৈ পৰিছে। মানৱ শৰীৰত কোনো ধৰণৰ বেমাৰ -আজাৰ নোহোৱাকৈ সম্পূৰ্ণ নিৰোগী হোৱাৰ ক্ষেত্ৰত যি খাদ্য সামগ্ৰী লাগতিয়াল সেই উদ্দেশ্য লক্ষ্য ৰাখি তেওঁ এই বিশেষ উদ্যোগটো আৰম্ভ কৰি নিজেই স্বাৱলম্বিতাৰ পথ বাচি লোৱাৰ লগতে প্ৰায় ১০ গৰাকী যুৱক-যুৱতীকো কৰ্ম সংস্থাপন দিবলৈকো সক্ষম হৈছে ।
বাঙ্গালোৰত কৰ্মৰত অৱস্থাত থাকোঁতে এই অসমীয়া যুৱকজনক সাক্ষাৎ কৰি এনে যোগাত্মক কৰ্মৰ বাবে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে বিশেষভাবে অভিনন্দন জ্ঞাপন কৰে।
আৰু পঢ়কঃদীৰ্ঘদিনৰ অপেক্ষাৰ অন্তত প্ৰধান মন্ত্ৰীক সাক্ষাৎ সৰ্বানন্দ সোনোৱালৰ