জামুগুৰিহাটঃ জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ চামধৰাত জীয়া ভৰলী নদীৰ তীব্ৰ গৰাখহনীয়া।

যোৱা কিছুদিন ধৰি অসমৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ফেনেফোটোকাৰে বাঢ়ি অহা জীয়া ভৰলী নদীয়ে চামধৰাত চপৰা চপৰে খহাইছে নদীখনৰ গৰা।

দুটা দিনৰ ভিতৰত জীয়া ভৰলী নদীয়ে প্ৰায় তিনিশ মিটাৰ পৰ্যন্ত গৰা খহাই চাপি অহাত শংকিত হৈ পৰিছে চামধৰা, মৰণাকুৰি, চেউনিচুককে ধৰি জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ দহখনৰো আধিক গাঁৱৰ ৰাইজ ।

লগতে পঢ়কঃসোৱণশিৰি বানে বুৰালে মাজুলীৰ গড়মূৰত থকা CRPF কেম্প

খহনীয়াৰ কাল ৰূপ দেখি জলসম্পদ বিভাগে ততাতৈয়াকৈ কিছু সংখ্যক পকী পাৰ্কুপাইনৰ লগতে বাঁহ গছ পেলাই গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে যদিও জীয়া ভৰলীৰ ভয়ংকৰ গৰাখহনীয়াই নিদ্ৰা হৰণ কৰিছে অঞ্চলবাসীৰ।

গৰাখহনীয়াৰ ফলত জামুগুৰিহাটৰ পশ্চিম প্ৰান্তত হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি নদীৰ বুকুত জাহ গৈছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply