জামুগুৰিহাটঃ জামুগুৰিহাটৰ নিকটৱৰ্ত্তী ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলত আজি বিশ্বনাথ জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান। চৰকাৰী মাটি বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰি ব্যৱসায় চলাই থকা ৫০খনৰো অধিক দোকান গৃহ পুৱাৰ পৰাই জিলা প্ৰশাসনে বুলডেজাৰ চলাই ভাঙি পেলায়।
আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বিশাল আবেষ্টনীৰ মাজত বিশ্বনাথ জিলা প্ৰশাসনে এই উচ্ছেদ অভিযান চলায়। উল্লেখ্য যে, চৰকাৰী মাটি বেদখল কৰি দোকান গৃহ নিৰ্মাণ কৰাৰ ফলত ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থলত সৃষ্টি হোৱা ভয়াবহ যানজটৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্ছেদ অভিযান চলোৱা বুলি জানিবলৈ দিছে নদুৱাৰ ৰাজহ চক্ৰ বিষয়াই।