জামুগুৰিহাটঃ সুদীৰ্ঘকাল বিভিন্ন আলোচনী-সাহিত্য মূলক গ্ৰন্থ আদিত লেখা-মেলা কৰি অসমীয়া সাহিত্য জীপাল কৰি অহা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ শলগুৰি গাওঁ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক, কবি খগেন হাজৰিকাক উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে গহপুৰৰ কবি কানন “ৰূপহী পাৰৰ কবিতা” গোষ্ঠীয়ে ৷
অসম সাহিত্য সভা, সদৌ অসম কবি সন্মিলন, সদৌ গ্ৰাম্য পুথিভৰাল, বাৰেচহৰীয়া ভাওঁনা সমিতি, ছাঁ সাহিত্য গোষ্ঠীৰ লগত জৰিত প্ৰবীন কবি গৰাকীক আনুষ্ঠানিকভাৱে তেওঁৰ বাস গৃহত এই সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷
এই উদ্দেশ্যৰে খগেন হাজৰিকাৰ বাসগৃহত ৰাষ্ট্ৰীয় শিক্ষকৰ বঁটা প্ৰাপক অবসৰী শিক্ষক মহেশ্বৰ বৰাৰ সঞ্চাঁলনাত অনুষ্ঠিত এক গাম্ভীৰ্য্য পূৰ্ণ সভাত খগেন হাজৰিকাক তেওঁ সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদান তথা ৰূপহী পাৰৰ কবিতা আলোচনীৰ নিষ্ঠাৰে আঞ্চলিক সম্পাদকৰ দ্বায়িত্ব বহন কৰা বাবে চেলেং, গামোছা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷
লগতে পঢ়কঃনগাঁও কঠিয়াতলীত গাঞ্জা জব্দ
৮৫ বছৰ গৰকা প্ৰবীণ কবি গৰাকীৰ সম্বৰ্দ্ধনা অনুষ্ঠানত অংশ গ্ৰহন কৰি খগেন হাজৰিকাৰ সাহিত্য কৰ্মৰ ওপৰত বক্তৱ্য প্ৰদান কৰে- গহপুৰৰ কবি, সাহিত্যিক , নগেন কোৱঁৰ, গহপুৰ কবি কাননৰ সভানেত্ৰী নিকুঞ্জ কোঞৰ মহন্ত, ৰূপহী পাৰৰ কবিতাৰ সম্পাদিকা সৱিতা কোঁৱৰ, জামুগুৰি সাহিত্য সভাৰ সম্পাদক নাৰায়ন শইকীয়া, নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণীন্দ্ৰ বৰুৱা, জামুগুৰিহাটৰ বিশিষ্ট সমাজকৰ্মী যোগেন বৰুৱা, গহপুৰৰ বিশিষ্ট কবি , সাহিত্যিক অনন্ত বৰাই ৷
সভাখনিত বিভিন্নজনে কবিতা আবৃত্তিৰেও কবি খগেন হাজৰিকাক অভিনন্দন জ্ঞাপন কৰে ৷ অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক প্ৰাণৱন্ত কৰি তোলা খগেন হাজৰিকাই ঝংকাৰ, আহক এজাক সেউজীয়া বৰষুণ, একাজলি কৱিতাৰ সুৱাস, কাব্য সংকলনৰ লগতে শোণিতপুৰীয়া শব্দ সমলয় নামৰ এখন কাব্য সংকলনো সম্পাদনা কৰে ৷
সভাৰ অন্তত খগেন হাজৰিকাৰ পৰিয়াল বৰ্গৰ হৈ বিষয় শিক্ষক বিপুল বৰা আৰু গহপুৰ কবি কাননৰ হৈ শলাগৰ শৰাই আগবঢ়ায় নিকুঞ্জ কোৱঁৰ মহন্তই ৷ গাম্ভীৰ্য্যপূৰ্ণ সভাখনিত কণমানি শিশু আইলিন হাজৰিকাই কবিতা আবৃত্তিৰে দৰ্শক ৰাইজক আপ্লুত কৰে ৷