জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আত্মসহায়ক গোটৰ পুখুৰীত পুনৰ দুষ্কৃতিকাৰীয়ে বিহ ঢালি নিধন কৰিলে লক্ষাধিক টকাৰ মাছ।
অঞ্চলটোৰ মৰণাকুৰি চাপৰিত ধলাইবিলৰ দহগৰাকী যুৱকে ‘অভিনন্দন’ নামৰে এটি আত্মসহায়ক গোট খুলি প্ৰায় দহবিঘা মাটিৰ পুখুৰীত মীন পালন কৰি স্বাৱলম্বিতাৰ পথ বাছি লৈছিল।
কিন্তু সোমবাৰে নিশা কোনো দুষ্কৃতিকাৰীয়ে পুখুৰীত বিহ দিয়াৰ ফলত প্ৰায় ডেৰ লক্ষাধিক টকাৰ মাছৰ মৃত্যু হয়।
লগতে পঢ়কঃপদপথৰ বাসিন্দাক জাৰৰ দিনৰ বস্ত্ৰ প্ৰদান সোণাৰিৰ সমাজকৰ্মী উত্তম চাংমাইৰ
পুৱাৰ ভাগত পুখুৰীত মাছ ওপঙি থকা প্রত্যক্ষ কৰি আত্মসহায়ক গোটৰ সদস্য সকল কিৎকতৰ্ব্য বিমূঢ় হৈ পৰে। লগে লগে গোটৰ সদস্যসকলে ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী অৱগত কৰে।উল্লেখ্য যে, কিছুদিন পূৰ্বে জামুগুৰিহাটৰ আন দুটা পুখুৰীতো দুষ্কৃতিকাৰীয়ে বিহ দি লাখ লাখ টকাৰ মাছ নিধন কৰিছিল ।