জামুগুৰিহাটঃ যোৱা দুদিন ধৰি অহা নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠা দিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে জামুগুৰিহাটৰ ঢেকীয়াগাওঁ, বালিবৰি, নৰোৱাকে ধৰি কেইবাখনো গাঁওত বিস্তীৰ্ণ খেতিপথাৰ ।

নদীখনৰ বাঢ়নি পানীয়ে মানুহৰ তামোলবাৰী, চাহপাতৰ বাগান পৰ্যন্ত বুৰাই পেলোৱা পৰিলক্ষিত হৈছে।

লগতে পঢ়কঃঅসুস্থ বন্যহস্তীক প্ৰকৃতি প্রেমী সৌৰভ বৰকটকীৰ তৎপৰতাত চিকিৎসা সেৱা প্ৰদান

পুখুৰীৰ ভিতৰতো নদীৰ বাঢ়নি পানী সোমোৱাৰ ফলত পোহনীয়া মাছ সমূহ পুখুৰীৰ বাহিৰলৈ ওলাই যোৱাৰ ফলত আৰ্থিক ক্ষতিৰ সন্মুখীন হৈছে মৎস্য পালকসকল।

ইফালে জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বৰদিকৰাই মিৰিগাঁৱতো জলসিঞ্চনৰ নলাৰ পানী সোমোৱাৰ ফলত বানত বুৰ যায় স্কুল প্ৰতিষ্ঠানৰ লগতে গাঁওখনৰ বহুতো লোকৰ বাসগৃহ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,022 other subscribers

Leave a comment

Leave a Reply