জামুগুৰিহাটঃ সমাজত কামৰ কোনো সৰু-বৰ নাই৷ মাথোঁ মনত লাগে অফুৰন্ত শক্তি সাহস ৷ এই শক্তি সাহসৰ জৰিয়তে পৃথিৱী যিকোনো কাম সহজ কৰি ল’ব পাৰি আৰু ইয়াকেই যেন এতিয়া প্ৰমাণ কৰি দেখুৱাইছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ পাঁচি গাওঁৰ লিজা ভূঞাঁই ৷

আৰ্থিক দুৰ্বলতাক নেওচি এতিয়া পুৱাই এখন মটৰ চাইকেলত গাৱেঁ গাৱেঁ অনলাইনৰ সামগ্ৰী বিক্ৰী কৰি ফুৰি ৰাইজৰ মন জয় কৰিছে লিজাই৷

কুৰি বছৰীয়া এই গৰাকী ছাত্ৰীয়ে এতিয়া পঢ়া শুনাৰ মাজেৰেই যেন হাঁহি হাঁহি জীৱন সংগ্ৰামত জপিয়াই পৰিছে ৷

দৈনিত ৫০/৬০ কিলোমিটাৰ মটৰ চাইকেল চলাই বিশ্বনাথ চাৰিআলি জামুগুৰিহাটৰ বিভিন্ন গাওঁলৈ গৈ বিক্ৰী কৰি ফুৰিছে অনলাইনৰ সামগ্ৰী ৷

লগতে পঢ়কঃগোলাঘাটত প্ৰতিবাদী আমছু নেতা গ্ৰেপ্তাৰ

শোচনীয় অৰ্থনৈতিক অৱস্থাৰ বাৱেই নিজৰ পঢ়া শুনাকে ধৰি সকলো ধৰণৰ খৰছ নিজে উলিয়াবলৈকে এক দুঃসাহসিক বৃত্তিত জড়িত হৈ পৰিছে লিজা ভূঞাঁ ৷

জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ স্নাতক চতুৰ্থ ষণ্মাষিকৰ ছাত্ৰী লিজা ভূঞাঁৰ এই সাহসিকতাক এতিয়া সকলোৱেই প্ৰশংসা কৰিছে ৷

অঞ্চলটোৰ দহগৰাকী মহিলা যুৱতীৰ বাবে এতিয়া আদৰ্শৰ প্ৰতীক হৈ পৰিছে লিজা ৷ জামুগুৰি ব্যৱসায়ীক কেন্দ্ৰত এখন সৰু চাহৰ দোকানৰে পৰিয়াল পোহপাল দি অহা পিতৃক সকাহ দিয়াৰ উদ্দেশ্যৰেই লিজাই এই কাম কৰি গৌৰববোধ কৰা বুলি মন্তৱ্য কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply