জামুগুৰিহাটঃ হিন্দু সংস্কৃতিত গো-পূজা অন্যতম উৎসৱ ৷ গৰুক মাতৃ হিচাপে পালন কৰি আহিছে হিন্দু ধৰ্মালম্বী লোক সকলে ৷
অসমত বিশেষভাৱে নেপালী সম্প্ৰদায়ৰ লোক সকলে গো-মাতৃ পূজা উদযাপন কৰি আহিছে ৷
বৃহস্পতিবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ বৃহত্তৰ জামুগুৰিহাটৰ নেপালী অধ্যুষিত অঞ্চল সমূহত উদযাপন কৰা হয় গা-মাতা উৎসৱ ৷
লগতে পঢ়কঃবন্যহস্তীৰ আক্ৰমণত নিহত এগৰাকী মহিলা
জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ মৰিসুতিত নেপালী সম্প্ৰদায়ৰ লোক সকলে প্ৰথম দিনা কাউৰী পূজা, দ্বিতীয় দিনা কুকুৰ পূজাৰ অন্তত তৃতীয় দিনা অনুষ্ঠিত কৰে লক্ষ্মী পূজা অৰ্থাৎ গো-মাতা পূজা ৷
এই পূজা উপলক্ষে পূৱা গৰুক নোৱাই-ধুৱাই নতুন পঘাৰে বন্ধাৰ লগতে সু-স্বাদু পিঠা খাৱলৈ দিয়া হয় ৷ নেপালী সম্প্ৰদায়ৰ লোক সকলে এই উৎসৱ অতি উলহ-মালহৰে কৰা পৰিলক্ষিত হয় ৷