জামুগুৰিহাটঃ বিশ্বশান্তি প্ৰতিষ্ঠাৰ লগতে সমগ্ৰ বিশ্বৰ পৰা কোভিড মহামাৰীৰ দৰে ব্যাধি দূৰ হোৱাৰ আশা আগত ৰাখি জামুগুৰিহাটৰ মনাই চাহ বাগিছাত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অখণ্ড হৰি কীৰ্তন অনুষ্ঠান। মনাই মহিলা সমিতিৰ উদ্যোগত আৰু মনাইবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা অখণ্ড হৰি কীৰ্তন অনুষ্ঠানত অঞ্চলটোৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক হৰি কীৰ্তন সংঘই কীৰ্তন পৰিবেশ কৰে।
লগতে পঢ়কঃকৈৱৰ্ত্ত জনগোষ্ঠীক লৈ অপমান সূচক মন্তব্য কৰাৰ বাবে বিপদত পৰিল Youtuber
হৰি কীৰ্তন স্থলীৰ চৌহদত ভক্ত সকলে চাকিবন্তি জ্বলাই আধ্যাত্মিকতাৰ পৰিবেশৰ সৃষ্টি কৰে। উল্লেখ্য যে জামুগুৰিহাটৰ মনাই চাহ জনগোষ্ঠীৰ সম্প্ৰদায়ৰ ৰাইজৰ একক বৃহৎ সামাজিক , সাংস্কৃতিক অনুষ্ঠান অখণ্ড হৰি কৃৰ্তন সংঘই বিশ্ব শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে অখণ্ড হৰি কীৰ্তন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।