জামুগুৰিহাটঃ জামুগুৰিহাটত আৰক্ষীৰ জালত পৰিল মানৱসৰবৰাহকাৰী। জামুগুৰিহাটৰ জয়সিদ্ধিৰ বিতু বৰা নামৰ মানৱসৰবৰাহকাৰীটোৱে জামুগুৰিহাটৰ হাটিঙাৰ এগৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলাক বিভিন্ন প্ৰলোভন দেখুৱাই লৈ যায় আৰু ১ লাখ ৫ হাজাৰ টকাত সুদুৰ হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলা গৰাকীৰ তিনি সন্তানকো গহপুৰৰ বেদেতীৰ দুজন যুৱকক বিক্ৰী কৰি দিছিল।
এই ঘটনা যোৱা মে’ মাহত সংঘটিত হৈছিল। কিন্তু মহিলাগৰাকীয়ে হাৰিয়ানাৰ মানৱসৰবৰাহকাৰী চক্ৰটোৰ পৰা কৌশলৰে পলাই আহি নিজৰ গাঁৱত এই কথা প্ৰকাশ কৰাৰ লগতে জামুগুৰি আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰাত সমস্ত ঘটনা পোহৰলৈ আহে।
লগতে পঢ়কঃঅসম জাতীয় পৰিষদৰ দুঘণ্টীয়া মৌন প্ৰতিবাদ
আৰক্ষীয়ে মানৱসৰবৰাহকাৰী বিতু বৰাক আজি পুৱা গেপ্তাৰ কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই এই ঘটনাৰ লগত জড়িত দুষ্ট চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে ।