জামুগুৰিহাটঃ জামুগুৰিহাটত কয়দীৰ মৃতদেহকলৈ উত্তপ্ত পৰিস্থিতি। তেজপুৰ জিলা কাৰাগাৰাত কাৰাবন্দী হৈ থকা অৱস্থাত ধৰ্মেশ্বৰ নায়ক নামৰ কয়দী গৰাকীৰ মৃত্যু হোৱাৰ পাছত মঙলবাৰে নিশা কয়দী গৰাকীৰ মৃতদেহ জামুগুৰিহাটৰ কুসুমটোলাৰ বাগগৃহত পৰিয়ালৰ ওপৰত আৰক্ষীয়ে চমজাই দিবলৈ অহা সময়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

স্থানীয় একাংশ ৰাইজে কয়দী গৰাকীৰ কি কাৰণত মৃত্যু হ’ল ,কাৰাগাৰাত থকাৰ অৱস্থাত কিবা অসুখ হৈছিল যদি কাৰাগাৰৰ ভিতৰত চিকিৎসক নাছিল নেকি বুলি মৃতদেহ চমজাই দিবলৈ আৰক্ষীক প্ৰশ্ন কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলি তোলে ।

শেহত জামুগুৰি আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।উল্লেখ্য যে বিগত বৰ্ষত জুলাই মাহতে জামুগুৰিহাটৰ কুসুমটোলাৰ ধৰ্মেশ্বৰ নায়ক আৰু তেওঁৰ পত্নীয়ে ভাং সৰবৰাহ কৰা ঘটনা পোহৰলৈ অহাত আৰক্ষীৰ হাতত গেপ্তাৰ হৈ তেজপুৰ জিলা কাৰাগাৰাত সুদীৰ্ঘ দিন ধৰি কাৰাবন্দী হৈ আছিল ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,481 other subscribers

Leave a comment

Leave a Reply Cancel reply