জামুগুৰিহাটঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বামুণবাৰী গাঁৱত অনুষ্ঠিত কৰা হয় ১১৬ বছৰীয়া শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা ৷
শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা এই পূজা ৰবিবাৰে সমাপ্ত হ’ব ৷ বামুণবাৰী গাওঁ উন্নয়ন সমিতি, মহিলা সমিতি তথা গাওঁবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা এই জগদ্ধাত্ৰী পূজাত অঞ্চলটোৰ বিভিন্ন শ্ৰেণী ৰাইজে অংশ গ্ৰহণ কৰে ৷
লগতে পঢ়কঃঐতিহ্যমণ্ডিত বাৰেচহৰীয় ভাওনা কমিটিক মৌলবাদী শক্তিৰে তুলনা কৰি ৰাইজৰ ৰোষত অৰূপ শইকীয়া
প্ৰবাদ অনুসৰি এই মন্দিৰত এই নিদিষ্ট দিনটোত পূজা আগবঢ়ালে পৰিয়ালৰ অপায় অমঙ্গল দূৰ হোৱাৰ লগতে মঙ্গল সাধন হয় ৷
এই জন বিশ্বাস অনুসৰিয়েই এই জগদ্ধাত্ৰী পূজাত দূৰ-দূৰণিৰ লোক সকলেও আহি শৰাই আগবঢ়ায়৷ পূজাৰ দ্বিতীয় দিনটোত তথা নবমী পূজা উপলক্ষে পুৱাৰে পৰা শ শ ভক্তপ্ৰাণ ৰাইজে জগদ্ধাত্ৰী মন্দিৰ প্ৰাঙ্গণ ভিৰ কৰা পৰিলক্ষিত হয় ৷ সম্পূৰ্ণ চৰকাৰী কোভিড বিধি মানি এই পূজা উদযাপন কৰা বুলি মন্তব্য কৰে উদ্যোক্তা সকলে ৷