জামুগুৰিহাটঃ শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশন ৰবিবাৰে বিভিন্ন কাৰ্যসূচীৰে তেজপুৰস্থিত “আজু”ৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷
উক্ত অধিৱেশনত নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক ফণীন্দ্ৰ বৰুৱাক চন্দ্ৰকান্ত গোস্বামী সোৱঁৰণী পৰিবেশ মূলক বটাঁৰে বিভূষিত কৰা হয় ৷
অসমৰ বিভিন্ন আগশাৰী কাকত, আলোচনীত তত্ত্বগধুৰ লেখনীৰ লগতে দীৰ্ঘ সময় ধৰি অসমৰ সংবাদ ক্ষেত্ৰখনলৈ বৰঙণী আগবঢ়ায় অহা ফণীন্দ্ৰ বৰুৱাক এই বঁটা প্ৰদান কৰাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান ব্যক্তি বিশেষে সন্তুষ্টি প্ৰকাশ কৰে ৷
লগতে পঢ়কঃছয়গাঁও দুৰ্গোৎসৱৰ সোমবাৰে লাইখুটা স্থাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে
ৰবিবাৰে “আজু”ৰ কাৰ্য্যালয়ত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস, জিলা আৰক্ষী অধীক্ষক ধনঞ্জয় ঘণৱাটৰ উপস্থিতিত শৰাই, গামোছা, সম্বৰ্দ্ধনাপত্ৰৰে এই বঁটা প্ৰদান কৰে শোণিতপুৰ জিলা সাংবাদিক সন্থাই৷
ফণীন্দ্ৰ বৰুৱা জামুগুৰিহাটৰ পাতলৰচুক গাওঁৰ বাসিন্দা হোৱাৰ লগতে দৈনিক অগ্ৰদূত আৰু dy365 জামুগুৰিহাটৰ স্থানীয় সংবাদদাতা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে ৷