জামুগুৰিহাটঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাঙ্গনত সাপ্তাহিক অসমীয়া নতুন সংবাদৰ বৰ্ষপূৰ্তি অনুষ্ঠানভাগ সফলৰূপে সম্পন্ন হয় । বিয়লি ৩ বজাৰ পৰা আৰাম্ভ হোৱা এক গাম্ভীৰ্য্যপূৰ্ণ সভাত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানভাগৰ শুভাৰাম্ভ কৰে বি আৰ আম্বেদকাৰ বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক নাৰায়ণ কুমাৰ ৰাডু কাকতিয়ে ।
তাৰপিচত জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভৱেশ চন্দ্ৰ নেওগে সঞ্চালকৰ আসন অলংকৃত কৰাৰ লগতে সাপ্তাহিক অসমীয়া নতুন সংবাদৰ মূখ্য সম্পাদক ডালিম ফুকনে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানভাগৰ উদ্বোধন কৰে । উক্ত অনুষ্ঠানভাগত সাংবাদিকতাৰ লগতে অসমীয়া কাব্য সাহিত্যৰ ক্ষেত্ৰখনত একাগ্ৰতা, কৰ্মস্পৃহা আৰু আন্তৰিকতাৰে অতি কম সময়তেই ধৈৰ্য্য আৰু সাহসৰে যথেষ্ট অৱদান আগবঢ়োৱাৰ বাবে জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাক এখনি ফুলাম গামোছা, এটা জাপি আৰু এখনি সম্বৰ্ধনা পত্ৰৰে প্ৰেৰণামূলক সম্বৰ্ধনা জ্ঞাপন কৰে ।
লগতে পঢ়কঃগোগামুখত শ্ৰী কৃষ্ণৰ ৰাসলীলা উদযাপনৰ পূৰ্ণ প্ৰস্তুতি
জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ ৰঙাচকুৱা নিবাসী জগত শৰ্মা আৰু ৰাণু শৰ্মাৰ সু-পুত্ৰ চন্দন শৰ্মাক এই সম্বৰ্ধনাৰে সন্মানীত কৰাত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে এক্স অনাদি ৱাইল্ড লাইভ ৱাৰগেন , ৱাইল্ড লাইফ লভাৰচ, অসমৰ চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰকৃতিপ্ৰেমী তথা তেজপুৰৰ সৰ্পবান্ধৱ হিচাপে খ্যাত সৌৰভ বৰকটকী, নদুৱাৰ প্ৰেছ ক্লাৱ, বিভিন্ন দল-সংগঠন, বিভিন্ন প্ৰান্তৰ জেষ্ঠ সমাজকৰ্মী, প্ৰকৃতিপ্ৰেমী, সাংবাদিক, শিক্ষকসকলৰ ওপৰিও তেওঁৰ পৰিয়ালবৰ্গই আন্তৰিকতাৰে শলাগ লয় । চন্দন নদুৱাৰ প্ৰেছ ক্লাৱৰ এজন সদস্য হিচাপেও জড়িত হৈ আছে ।