জামুগুৰিহাটঃ উপযুক্ত বজাৰৰ অভাৱৰ বাবেই জামুগুৰিহাটৰ কৃষকে মৰাপাট খেতি কৰিবলৈ অনিহা প্ৰকাশ কৰিছে ৷
শিলঘাটৰ মৰাপাট কলত এটা সময়ত এই অঞ্চলৰ কৃষকে মৰাপাট যোগান ধৰি যথেষ্ট ধন উপাৰ্জন কৰিছিল ৷ পৰৱৰ্ত্তী সময়ত মৰাপাট কললৈ দুৰ্যোগ নামি অহাত ইয়াৰ কৃষকে মৰাপাট খেতি কৰিবলৈ বাদ দিয়া পৰিলক্ষিত হয় ৷
লগতে পঢ়কঃদক্ষিণপাট ঘাটৰ পৰিৱৰ্তে আফলামুখ ঘাট হ’ল ছাগলী ব্যৱসায়ৰ নতুন চিনাকী
বহু কৃষকে পুনৰ মৰাপাট খেতিত মনোনিৱেশ কৰিব ৷ এই অঞ্চলৰ মাটি মৰাপাট খেতিৰ বাবে উপযুক্ত বুলিও মন্তৱ্য কৰে কৃষক সকলে ৷
এই অঞ্চলৰ বহু খেতিয়কে মন্তৱ্য কৰে যে চৰকাৰে মৰাপাটৰ এখন উপযুক্ত বজাৰ গঢ়ি তুলিলে এই অঞ্চলৰ কৃষক উপকৃত হোৱাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক ভেটীও সবল হ’ব ৷