জামুগুৰিহাটঃ ৩৫ বছৰ ধৰি মানৱ সমাজৰ পৰা আঁতৰি ঘনজংঘলত বসবাস কৰি আহিছে এগৰাকী ব্যক্তিয়ে। ব্যক্তি জনৰ নাম কৈলাশ ভূঞা। জামুগুৰিহাটৰ ঘিলাধাৰী নদীৰ পাৰৰ চিতলমাৰী চাপৰিৰ অৰণ্যত বসবাস কৰি আহিছে ব্যক্তিজনে । জংঘলৰ মাজৰ এডাল প্ৰকাণ্ড বগৰীগছৰ ওপৰত টঙীঘৰ সাজি বছৰ বছৰ ধৰি বসবাস কৰি অহা ব্যক্তিজনে বুজি পায় অৰণ্যৰ সুখ দুখ, বুজি পায় বনৰীয়া জীৱজন্তুৰ ভাষা।
জংঘলৰ মাজতেই খেতিবাতি কৰি অৰণ্যকে আপোন ঘৰ হিচাপে মানি অহা ব্যক্তিজনৰ সৈতে একাত্ম হৈ পৰিছে বন্য জীৱ-জন্তুয়ো। জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ নিকটৱৰ্ত্তী চিতলমাৰীৰ অৰণ্যত বসবাস কৰা ৬০ বছৰীয়া ব্যক্তিজনৰ টঙী ঘৰৰ তলত প্ৰায়েই বিচৰণ কৰে বনৰীয়া হাতী,গড় আদি বন্য জন্তুৱে। তেওঁক দেখিলেই বনৰীয়া হাতীয়েও শুৰ দাঙি নমস্কাৰ দিয়াৰ লগতে টঙী ঘৰৰ তলত চৰি ফুৰে বিভিন্ন বন্য জীৱ-জন্তু ৷
লগতে পঢ়কঃএকাংশ চৰকাৰী বিদ্যালয়ত শিক্ষকৰ অভাৱৰ বাবেই হ্ৰাস পাইছে শিক্ষাৰ্থীৰ সংখ্যা
প্ৰকৃতিক ভাল পোৱা এই গৰাকী ব্যক্তিৰ মতে মানুহে একো নকৰিলে বনৰীয়া জীৱজন্তুৱেও কাৰো অপকাৰ নকৰে। অৱশ্যে একাংশ লোকে এতিয়াও জংঘলৰ চৰাই চিৰিকতি বধ কৰিবলৈ অহা দেখি উদ্বিগ্ন আৰু চিন্তিত হৈ পৰে তেওঁ। যিটো সময়ত একাংশ মানৱে অৰণ্যৰ গছগছনিৰ কাটি ছিঙি তহিলং কৰাৰ লগতে বন্য জীৱ-জন্তুক হত্যা কৰিছে সেই সময়তে প্ৰকৃতিৰ প্ৰেমত পৰি সুদীৰ্ঘ ৩৫ বছৰ ধৰি জংঘলত বসবাস কৰি প্ৰকৃতিৰ লগত একাত্ম হোৱা জামুগুৰিহাটৰ এই ব্যক্তিৰ প্ৰকৃতি প্ৰেম সঁচাই মনকৰিবলগীয়া ।