জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঠাকুৰবাৰীৰ শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনত ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰীমদভাগৱত জ্ঞান যজ্ঞ ও অখণ্ড হৰিনাম কীৰ্তন। সেই উদ্দেশ্যে বৃহস্পতিবাৰে ৰথ যাত্ৰা কৰি প্ৰতিমা বিগ্ৰহ স্থাপন তথা প্ৰতিষ্ঠা দিৱস বহু উলহ মালহৰে পালন কৰা হয়। উক্ত ৰথ যাত্ৰা অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তৰ ৰাইজৰ লানি নিচিগা ভিৰ দেখা যায়।

লগতে পঢ়কঃ৩৪ গৰাকী কৃষক হিতাধিকাৰীক বিনামূলীয়া শ্বেলো মেচিন বিতৰণ

ঠাকুৰবাৰী লক্ষ্মী নাৰায়ণ মন্দিৰ প্ৰাঙ্গনৰ পৰা ৰথ যাত্ৰা শুভাৰাম্ভ কৰি মৰিসুঁতি, মঙলবৰীয়া, বাটমাৰী, ৰঙাচকুৱা, চাৰিপুখুৰী, গড়বিল হৈ পুনৰ মন্দিৰ প্ৰাঙ্গনত ৰথ যাত্ৰা সমাপ্ত কৰে। ৰথ যাত্ৰাৰ বাবে ভক্তপ্ৰাণ ৰাইজৰ সুবিধাৰ্থে মৰিসুঁতি টম টম এচ’ছিয়নে সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰায় ৩০খনৰো অধিক টম টমৰ যোগান ধৰে। ১১ দিনীয়া বিস্তৃত কাৰ্য্যসূচীৰ ভিতৰত নন্দোৎসৱ, ৰাসলীলা, লক্ষাধিক বন্তী প্ৰজ্বলন অন্যতম বুলি জানিবলৈ দিয়ে সভাপতি খৰ্গ বাহাদুৰ ছেত্ৰী, সম্পাদক ভাস্কৰ ভট্টৰাই, ৰাজু ভট্টৰাইৰ লগতে সমূহ উদযাপন সমিতিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply