জামুগুৰিহাটঃ কিংবদন্তী কোকিলকণ্ঠী লতা মংগেশকাৰৰ বিয়োগত সমগ্ৰ দেশ শোকস্তব্ধ হৈ পৰাৰ লগতে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে শোকৰ ছাঁ বিৰাজ কৰিছে ৷
গীতেৰে সকলো স্তৰৰ লোকৰেই হৃদয়ত স্থান লাভ কৰা মহিয়ষী লতা মংগেশকাৰৰ বিয়োগত অন্যান্য প্ৰান্তৰ লগতে জামুগুৰিহাটতো ভাৰতীয় যুৱ মৰ্চা নদুৱাৰ মণ্ডলৰ উদ্যোগত জামুগুৰিহাটৰ মূল কেন্দ্ৰস্থলত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ আয়োজন কৰে৷
লগতে পঢ়কঃপঞ্চভূতত বিলীন হ’ল সুৰ সমাজ্ঞীৰ নশ্বৰদেহ
বন্তি প্ৰজ্বলনেৰে কোকিলকণ্ঠী গায়িকাগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে দেশৰ লগতে ৰাজ্যখনৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ ভাৰত ৰত্ন সন্মানেৰে বিভূষিত গায়িকাগৰাকীৰ অৱদানক সোঁৱৰি জাতি-ধৰ্ম-বৰ্ণ নিবিৰ্শেষে সকলোৱে প্ৰাৰ্থনা জনায়।