জামুগুৰিহাটঃ বজ্ৰপাত পৰি অকাল মৃত্যুক সাৱটি লোৱা জামুগুৰিহাটৰ চিলনী পামৰ মঞ্জুলিকা নৰহৰ বাসগৃহত আজি উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷ যোৱা ৪ জুলাইত পথাৰত ভূই ৰুই থকা অৱস্থাত বজ্ৰপাত পৰি মৃত্যু হৈছিল মঞ্জুলিকা নৰহৰ৷
বিধায়ক গৰাকীয়ে মঞ্জুলিকা নৰহৰ আত্মাৰ শান্তি কামনা কৰাৰ লগতে পৰিয়াললৈ আৰ্থিক সাহাৰ্যও আগবঢ়ায়৷ আনহাতে বিধায়ক গৰাকীয়ে পৰিয়ালটিক অতি সোনকালে চৰকাৰৰ তৰফৰ পৰা চাৰি লাখ টকাৰ আৰ্থিক সাহাৰ্য্য আগবঢ়োৱাৰ কথাও ঘোষণা কৰে ৷
বিধায়ক পদ্ম হাজৰিকাৰ লগতে মঞ্জুলিকা নৰহৰ পৰিয়ালটিক সমবেদনা জ্ঞাপন কৰে নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি অজিত পায়েং, ৱাৰ্ডৰ সদস্যৰ লগতে বিভিন্নজনে৷